উজনি মাজুলীৰ ৰতনপুৰ মিৰি উচ্চ মাধ্যমিক বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম চুতীয়া ছাত্র সন্থাৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হৈছে। আজি দ্বিতীয় দিনা মাজুলীৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। আজি অনুষ্ঠিত মুকলি সভাত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ডা০ ৰণোজ পেগুৰ লগতে কেইবাটাও ছাত্ৰ সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে। ইপিনে মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত আজি কমলাবাৰী কৃষি চক্ৰৰ অন্তৰ্গত ভকতচাপৰিৰ জামুগুৰি প্ৰাথমিক বিদ্যালয়ত পার্থেনিয়াম অপতৃণ সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়।
Assamese | September 11, 2024 8:13 PM | Majuli
সদৌ অসম চুতীয়া ছাত্র সন্থাৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত