অসমৰ প্ৰথমখন ৰাজকীয় পক্ষী উদ্যান চৰাই চোঙৰ ৩৯২ বছৰীয়া ঐতিহ্য পুনৰ উজ্জিৱীত কৰাৰ উদ্দেশ্যেৰে কালিৰে পৰা চৰাইচোং মহোৎসৱ ২০২৫ অনুষ্ঠিত হৈছে। ১৬৩৩ খৃষ্টাব্দত স্বৰ্গদেউ প্রতাপ সিংহই সংৰক্ষণ ক্ষেত্ৰ হিচাপে মাজুলীত আৰম্ভ কৰা উদ্যানখনক পক্ষী বিচৰণক্ষেত্ৰ হিচাপে প্রতিষ্ঠা কৰিবলৈ ৪ দিনীয়া কাৰ্যসূচীৰে দ্বিতীয়বাৰৰ বাবে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। মাজুলী সাহিত্যৰ উদ্যোগত অনুষ্ঠিত এই মহোৎসৱ কালি গছপুলি ৰোপন কাৰ্যসূচীৰে আৰম্ভ কৰা হয়। চৰাইচোং মহোৎসৱত ১০ খনকৈ গ্রন্থ প্রকাশ, দুখন প্রকৃতি বিষয়ক আলোচনাচক্র, বাণিজ্য মেলা, গ্রন্থমেলা, টুনী পর্যটন পৰিবেশনকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
Assamese | December 8, 2025 11:38 AM | Majuli
কালিৰে পৰা চৰাইচোং মহোৎসৱ ২০২৫ অনুষ্ঠিত