উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে নতুন দিল্লীৰ গান্ধী স্মৃতিত এখন সর্বধর্ম প্রার্থনা সভাত ভাগ লয়। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে গান্ধীজীৰ মৃত্যু বার্ষিকীত তেওঁৰ প্রতি শ্রদ্ধা নিবেদন কৰে। শ্রী মোদীয়ে এটা বার্তাত কয়, যে মহাত্মা গান্ধীৰ আদর্শই দেশবাসীক এখন উন্নত ভাৰত নিৰ্মাণ কৰিবলৈ সদায় অনুপ্রাণিত কৰি আহিছে। প্রধানমন্ত্রীয়ে লগতে দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ ছহিদসকলৰ প্রতি শ্রদ্ধা জনায় তেওঁলোকৰ সেৱা আৰু ত্যাগক সোঁৱৰে।
Assamese | January 30, 2025 8:48 PM | Mahatma Gandhi
নতুন দিল্লীৰ গান্ধী স্মৃতিত সর্বধর্ম প্রার্থনা সভাত উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ