প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ নৱেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ’ব অনুষ্ঠানটোৰ ১২৮ সংখ্যক খণ্ড। জনসাধাৰণে ১৮০০ ১১ ৭৮০০ শুল্ক বিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গভ মুকলি মঞ্চ অথবা বান-নাইন-টু টু নম্বৰত মিছকল দিয়াৰ পাছত লাভ কৰা লিংকৰ জৰিয়তেও জনসাধাৰণে ২৮ নৱেম্বৰ পৰ্যন্ত দিহা-পৰামৰ্শ আগবঢ়াব পাৰিব।
Assamese | November 22, 2025 8:46 PM | Maan Ki Bat
অহা ৩০ নৱেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ১২৮ সংখ্যক খণ্ড প্ৰচাৰ