উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ পৰামৰ্শদান কাৰ্যসূচী

লখিমপুৰ জিলা প্ৰশাসনৰ অধীনৰ মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত আৰু মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সহযোগত আজি উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এটা কেৰিয়াৰ পৰামৰ্শদান কাৰ্যসূচী অনুষ্ঠিত হয়। সংকল্প, মহিলা সবলীকৰণ কেন্দ্ৰৰ ১০০-দিনীয়া বিশেষ অভিযানৰ অংশ হিচাপে আয়োজিত কাৰ্যসূচীত জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ সহকাৰী নিয়োগ বিষয়া দৰথী গগৈয়ে কেৰিয়াৰ সম্পৰ্কে পৰামৰ্শ আগবঢ়ায়। অনুষ্ঠানত তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰে ৷