কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সংৰক্ষণ আৰু সংৰক্ষণ কৰ্মীৰ দক্ষতা বিকাশৰ বাবে যোৱা ১১ ফেব্ৰুৱাৰীৰ পৰা আয়োজিত ছদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি পৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ইণ্টাৰনেচনেল বিগ কেট এলায়েঞ্চ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত আয়োজিত এই কর্মশালাত সমল ব্যক্তি হিচাপে ইণ্টাৰনেচনেল বিগ কেট এলায়েঞ্চৰ ড০ সত্যপ্ৰসাদ যাদৱ, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত প্ৰধান মুখ্য বন সংৰক্ষক এন কে বসু, হাড়গিলা সংৰক্ষণৰ বাবে কাম কৰি অহা গ্ৰীণ অস্কাৰ বিজেতা ড০ পূর্ণিমা দেৱী বৰ্মন, বিশ্ব প্রকৃতি নিধিৰ জ্যেষ্ঠ সমন্বয়ক অনুপম শৰ্মাৰ লগতে কেইবাগৰাকীও বিশেষজ্ঞই অংশগ্ৰহণ কৰে। ইয়াৰ লগতে কঁহৰাত থকা বিভাগীয় হাতীৰ পিলখানাত ৰাজ্যিক বন্যপ্ৰাণী আয়োগৰ সদস্য কৌশিক বৰুৱা আৰু হস্তী বিশেষজ্ঞ পদ্মশ্ৰী সন্মানেৰে সন্মানিত পাৰ্বতী বৰুৱাই হাতী প্ৰতিপালন আৰু প্ৰকৃতিৰ বিষয়ে অৱগত কৰে। বিশ্বৰ ২৭ খন দেশৰ ৪৪ গৰাকী প্ৰতিনিধিয়ে এই অনুষ্ঠানত অংশ লৈছিল। ইৰাণ, আফ্রিকা, ভূটান, মালয়েছিয়া, শ্রীলংকা, কেনিয়াকে ধৰি দেশসমূহৰ প্ৰতিনিধিসকলে এই ছদিন কাজিৰঙাত থাকি ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ ব্যৱস্থা, চোৰাং চিকাৰ ৰোধ কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা, গৱেষণা পদ্ধতি, পানী ধৰি ৰখাৰ ব্যৱস্থাকে ধৰি বিভিন্ন বিষয়ত প্ৰশিক্ষণ গ্ৰহণ কৰে ৷
Assamese | February 17, 2025 12:40 PM | kaziranga workshop
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সংৰক্ষণ আৰু সংৰক্ষণ কৰ্মীৰ দক্ষতা বিকাশৰ ছদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি