কানপুৰৰ গ্ৰীণপাৰ্কত অনুষ্ঠিত দুখনীয়া টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ভাৰতে বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰি শৃংখলাটোত ২-০ ৰে জয়লাভ কৰিছে। বৰষুণৰ বাবে দ্বিতীয় তথা তৃতীয় দিনৰ খেল সম্পূর্ণভাৱে পৰিত্যক্ত ঘোষিত হোৱাৰ পাছত বাংলাদেশে কালি চতুর্থ দিনা ২৩৩ ৰানত নিজৰ প্ৰথম ইনিংছ সামৰে। প্ৰত্যুত্তৰত ভাৰতে ৯ উইকেটৰ বিনিময়ত ২৮৫ ৰান সংগ্ৰহ কৰি প্ৰথম ইনিংছ ঘোষণা কৰে। চতুর্থ দিনৰ খেলৰ অন্তত বাংলাদেশে দুই উইকেটৰ বিনিময়ত ২৬ ৰান কৰে। আজি খেলৰ পঞ্চম তথা অন্তিম দিনা বাংলাদেশৰ দলটো ১৪৬ ৰানতে অলআউট হয়। ভাৰতৰ হৈ ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্র জাডেজা আৰু জছপ্রীত বুমৰাহে তিনিটাকৈ উইকেট দখল কৰে। জয়ৰ বাবে প্ৰয়োজনীয় ৯৫ ৰানৰ লক্ষ্য ভাৰতে তিনি উইকেটৰ বিনিময়ত পূৰণ কৰি শৃংখলাটোত ২-০ৰে বিজয় সাব্যস্ত কৰে। এই জয়ৰ সুবাদত ভাৰতে ২০২৩-২৫ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত অতিৰিক্ত ১২ পইণ্ট অর্জনেৰে শীর্ষ স্থান অক্ষুণ্ণ ৰাখিছে।
Assamese | October 1, 2024 8:10 PM | Kanpur test
কানপুৰ টেষ্টত ভাৰতৰ ৭ উইকেটত জয়লাভ