মাজুলীত এইবাৰ শ্ৰীশ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হ’ব। মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আজি অনুষ্ঠিত এখন ৰাজহুৱা সভাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হৈছে। সভাখনত মাজুলীৰ ৭০ খন ৰাস মঞ্চৰ প্ৰতিনিধি উপস্থিত থাকে। এইবাৰ মাজুলীবাসীয়ে দেৱালী উৎসৱতো আটচবাজি পৰিহাৰ কৰা মাটিৰ চাকিৰে পোহৰৰ উৎসৱ উদযাপন কৰি জুবিন গাৰ্গৰ প্রতি শ্রদ্ধা জনাব বুলি একেখন বৈঠকতে সিদ্ধান্ত গ্রহণ কৰা হয়। উল্লেখযোগ্য যে মুখ্যমন্ত্রীৰ ড০ হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়খনৰ নাম জুবিন গাৰ্গেৰে নামকৰণ কৰাৰ বাবে মাজুলীবাসীৰ মতামত বিছাৰিছিল। মাজুলীবাসীৰ সহমতত আজিৰ বৈঠকতে মাজুলী সংস্কৃতিক বিশ্ববিদ্যালয়ৰ নাম জুবিন গাৰ্গ সাংস্কৃতিক বিশ্ববিদ্যালয় ৰখা হ’ব বুলি সিদ্ধান্ত গ্রহণ কৰা হয়।
Assamese | October 10, 2025 8:20 PM | Majuli
মাজুলীত এইবাৰ শ্ৰীশ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ জুবিন গাৰ্গৰ নামত উৎসৰ্গা