বিজ্ঞান আৰু প্ৰযুক্তিৰ ৰাজ্য মন্ত্ৰী ডº জীতেন্দ্ৰ সিঙে আজি কৈছে যে ভাৰতে জৈৱ-প্ৰযুক্তি ভিত্তিক জৈৱ বিপ্লৱৰ বাবে ৰোমাঞ্চকৰ সময়ৰ সূচনা কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি গোলকীয় জৈৱ ভাৰত ২০২৪ত ভাষণ দি শ্রী সিঙে কয় যে, এসময়ত পশ্চিমীয়া বিশ্ব তথ্য-প্রযুক্তি বিপ্লৱে জৈৱ বিপ্লৱে সেই একেই প্রভাব পেলাব পাৰে। গোলকীয় ভাৰত ২০২৪ৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে কয় যে ই মন্ত্ৰ্যালয়, ৰাজ্য চৰকাৰ, ষ্টাৰ্ট আপ, গৱেষক, বিনিয়োগৰাকী, আন্তঃৰাষ্ট্ৰীয় সংস্থা নীতি নিৰ্ধাৰক আৰু উদ্যোগৰ নেতা আদিৰ বাবে ব্যৱসায়িক নেটৱৰ্কৰ মঞ্চ হিচাপে কাম কৰিব। ৩০ খনৰো অধিক দেশৰ ৫০০ৰো অধিক প্ৰদৰ্শনীয়ে উদ্ভাৱনীমূলক ধাৰণাৰ অংশীদাৰিত্ব প্ৰদানত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে ।
Assamese | September 12, 2024 8:12 PM | Jitrendra singh
ভাৰতে জৈৱ-প্ৰযুক্তি ভিত্তিক জৈৱ বিপ্লৱৰ বাবে ৰোমাঞ্চকৰ সময়ৰ সূচনা কৰিছে বুলি ডº জীতেন্দ্ৰ সিঙৰ মন্ত্যব