কেন্দ্ৰীয় কৰ্মচাৰী, পেন্সন আৰু ৰাজহুৱা অভিযোগ দপ্তৰৰ মন্ত্ৰী জীতেন্দ্ৰ সিঙে আজি গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আয়োজিত অৱসৰ পূৰ্বৰ পৰামৰ্শ কৰ্মশালা আৰু ভাৰতীয় ষ্টেট বেংকৰ নৱম বেংকাৰ সজাগতা অনুষ্ঠান মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে মত বিনিময় কৰি কয়, যে কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেন্সন প্ৰক্ৰিয়া সহজ কৰি তোলাত গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে কয়, যে অৱসৰপ্ৰাপ্ত লোকসকলৰ প্ৰতিভাক চিনাক্ত কৰি যথোপোযুক্তভাৱে কামত নিয়োজিত কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিছে।
Assamese | April 10, 2025 8:01 PM | Jitrendra singh
গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আয়োজিত এটা অনুষ্ঠান জীতেন্দ্ৰ সিঙৰ অংশগ্ৰহণ