গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান (আই আই টি)ত কাইলৈ পেন আই আই টি ৱৰ্ল্ড অৱ টেকন’লজী মিট ২০২৫ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰতিষ্ঠানটোৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ প্ৰচেষ্টাত হ’বলগীয়া প্ৰযুক্তিবিদ্যা সম্পৰ্কীয় এই সন্মিলনখন কাইলৈ পুৱা ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড০ ৰবি এছ কোটাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। গুৱাহাটী প্ৰেছ ক্লাবত কালি আয়োজিত এখন সংবাদ মেলত আই আই টি গুৱাহাটীৰ একাংশ বিষয়ববীয়াই এই কথা জানিবলৈ দি কয়, যে কাইলৈৰ এই অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক সঞ্চালক অধ্যাপক ডি এন বুঢ়াগোহাঁই আৰু প্ৰাক্তন সঞ্চালক অধ্যাপক গৌতম বৰুৱাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।
Assamese | January 20, 2025 8:12 PM | iit guwahati pen iit world of technology
আই আই টি গুৱাহাটীত পেন আই আই টি ৱৰ্ল্ড অৱ টেকন’লজী মিট-২০২৫