হাইলাকান্দি জিলাত স্বোৱাইন ফ্লুত আক্ৰান্ত হৈ অলপতে এটি শিশুৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে এই ৰোগক লৈ সতর্কতা জাৰি কৰিছে। ইফালে কাছাৰ জিলাতো ৩ জন ব্যক্তিৰ দেহত এইচ ওৱান এন ওৱান ভাইৰাছৰ সংক্ৰমন নিশ্চিত হোৱাৰ পাছত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। হাইলাকান্দি স্বাস্থ্য বিভাগে কালি এই ৰোগ সন্দৰ্ভত এখন জৰুৰী সংবাদমেলৰ আয়োজন কৰে। হাইলাকান্দি কাটাশালৰ ১৩ বছৰীয়া আন এটি কিশোৰ স্বোৱাইন ফ্লুত আক্ৰান্ত হৈ চিকিৎসা মহাবিদ্যালয়খনত ভৰ্তি হৈ আছে বুলিও স্বাস্থ্য বিভাগে সদৰি কৰে।
Assamese | May 7, 2024 12:54 PM | Akashvani News | Assam | Health Minister
হাইলাকান্দিত স্বোৱাইন ফ্লুত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ এই ৰোগক লৈ সতর্কতা