গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ইনড’ৰ ষ্টেডিয়ামত ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ উদ্যোগত আৰু বেডমিণ্টন এছ’চিয়েচন অৱ ইণ্ডিয়াৰ সহযোগত অসম বেডমিণ্টন সন্থাই আজিৰে পৰা অস্মিতা বেডমিণ্টন প্রতিযোগিতাৰ আয়োজন কৰিছে। দেশৰ মহিলা খেলুৱৈসকলৰ উত্তৰণৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে গ্ৰহণ কৰা অভিলাসী আঁচনিৰ অধীনত দেশৰ ৩ খন চহৰত এই বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত হৈছে। চত্তিশগড়ৰ ৰায়পুৰ আৰু ঝাৰখণ্ডৰ জামছেদপুৰৰ পাছত আজিৰে পৰা এই প্ৰাইজমানী প্রতিযোগিতাখন গুৱাহাটীত আৰম্ভ হৈছে। মহিলাৰ ৩ টা বিভাগত কেৱল একক শাখাত প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হ’ব। সেই অনুযায়ী আজি প্রথম দিনাই ১৭ আৰু ১৯ বছৰ অনূৰ্ধ্ব ছোৱালী আৰু ছিনিয়ৰ মহিলাৰ লীগ খেলসমূহ অনুষ্ঠিত হৈছে। খিতাপৰ চূড়ান্ত খেল অহা ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব। ৯০ হাজাৰ টকাৰ মুঠ প্রাইজমানী নিৰ্ধাৰণ কৰা প্ৰতিযোগিতাখনৰ আজি ৰাজ্য চৰকাৰৰ উপ-ক্রীড়া সচিব মহর্ষি কাশ্যপে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
Assamese | February 22, 2025 9:27 PM | guwahati nehu stadium asmita badminton
গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ইনড’ৰ ষ্টেডিয়ামত অস্মিতা বেডমিণ্টন প্রতিযোগিতা