February 22, 2025 9:27 PM

views 32

গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ইনড’ৰ ষ্টেডিয়ামত অস্মিতা বেডমিণ্টন প্রতিযোগিতা

গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ইনড'ৰ ষ্টেডিয়ামত ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ উদ্যোগত আৰু বেডমিণ্টন এছ’চিয়েচন অৱ ইণ্ডিয়াৰ সহযোগত অসম বেডমিণ্টন সন্থাই আজিৰে পৰা অস্মিতা বেডমিণ্টন প্রতিযোগিতাৰ আয়োজন কৰিছে। দেশৰ মহিলা খেলুৱৈসকলৰ উত্তৰণৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে গ্ৰহণ কৰা অভিলাসী আঁচনিৰ অধীনত দেশৰ ৩ খন চহৰত এই বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত হৈছে। চত্তিশগড়ৰ ৰায়পুৰ আৰু ঝাৰখণ্ডৰ জামছেদপুৰৰ পাছত আজিৰে পৰা এই প্ৰাইজমানী প্রতিযোগিতাখন গুৱাহাটীত আৰম্ভ হৈছে। মহিলাৰ ৩ টা বিভাগ...