গুৱাহাটী পৌৰ নিগমে আজি শাৰদীয় দুর্গোৎসৱৰ সময়ছোৱাত স্বচ্ছতা বজাই ৰখা মহানগৰীৰ ১৭৫ খন পূজা সমিতিক পুৰস্কৃত কৰে। আজি গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই এই পুৰস্কাৰসমূহ বিতৰণ কৰে। এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা ২৫ খন পূজা সমিতিক ১০ হাজাৰ টকাৰ চেক, দ্বিতীয় পুৰস্কাৰ হিচাপে ২৫ খন পূজা সমিতিক ৭ হাজাৰ টকাকৈ আৰু তৃতীয় পুৰস্কাৰপ্ৰাপ্ত ১০০ খন পূজা সমিতিক ৫ হাজাৰ টকাৰ লগতে মানপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত নিগমৰ ভালেকেইগৰাকী প্ৰশাসনিক বিষয়াইও অংশ লয়।
Assamese | November 19, 2024 8:39 PM | guwahati municipalty
স্বচ্ছতা বজাই ৰখা মহানগৰীৰ ১৭৫ খন পূজা সমিতিক পুৰস্কৃত গুৱাহাটী পৌৰ নিগমৰ