August 29, 2025 7:55 PM

views 37

চিকুণ গুৱাহাটী, মোৰ গুৱাহাটী বিষয়ক এখন শুভংকৰ আৰু ল’গ’ ডিজাইন প্রতিযোগিতাৰ আয়োজন গুৱাহাটী পৌৰ নিগমৰ

গুৱাহাটী পৌৰ নিগমে চিকুণ গুৱাহাটী, মোৰ গুৱাহাটী বিষয়ক এখন শুভংকৰ আৰু ল'গ' ডিজাইন প্রতিযোগিতাৰ আয়োজন কৰিছে। সকলোৰে বাবে মুকলি এই প্রতিযোগিতাত ইচ্ছুক প্ৰতিযোগীসকলে অহা ৫ চেপ্তেম্বৰলৈকে অংশগ্ৰহণ কৰিব পাৰিব। সবিশেষ জানিবলৈ আগ্ৰহীসকলে ইভেণ্টছ্ ডট জি এম চি অনলাইন ডট ইনত লগইন কৰিব পাৰে।

April 11, 2025 8:27 PM

views 66

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ, উপ মেয়ৰ আৰু আয়ুক্তৰ নেতৃত্বত অনুষ্ঠিত সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ, উপ মেয়ৰ আৰু আয়ুক্তৰ নেতৃত্বত আজি নিগমৰ উজান বজাৰৰ কার্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে ঘোষণা কৰা হয়। এই অনুসৰি ১৫ মিলিমিটাৰ ব্যাসৰ নল সংযোগৰ বাবে গুৱাহাটী পৌৰ নিগমৰ জল সংযোগকাৰী গ্ৰাহকসকলক গুৱাহাটী জলবোৰ্ডৰ সংযোগলৈ স্থানান্তৰ কৰাৰ ক্ষেত্ৰত ৯,৫০০ টকাৰ অনুদান প্ৰদান কৰা হৈছে। পৌৰ নিগমৰ জল যোগান অহা পহিলা জুলাইৰ পৰা বন্ধ কৰা হ’ব। গুৱাহাটী জলবোৰ্ডৰ অনুদান আঁচনি ধর্মীয় প্রতিষ্ঠান, নামঘৰ, সামুহিক ভৱন, মহিলা সমিতি, সংঘ আদিৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব।...

April 1, 2025 11:57 AM

views 65

সম্পত্তি কৰ আদায়ৰ সময়সীমা বৃদ্ধি কৰা নহ’বঃ গুৱাহাটী পৌৰ নিগম

● গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই সম্পত্তি কৰ আদায়ৰ সময়সীমা বৃদ্ধি কৰা নহ'ব বুলি প্ৰকাশ কৰিছে। এই সময়সীমা বৃদ্ধি কৰাৰ বাবে একাংশ লোকে আহ্বান জনাইছিল যদিও নিগমে সময়সীমা বৃদ্ধি নকৰাৰ কথা স্পষ্ট কৰি দিয়ে। আজিৰেপৰা অতিৰিক্ত ২০ শতাংশ কৰ আদায় কৰা হ'ব বুলিও পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই প্ৰকাশ কৰিছে। নিগমৰ সূত্ৰই প্ৰকাশ কৰা মতে এটা বিত্তীয় বৰ্ষৰ সম্পত্তিৰ কৰ ৩১ মাৰ্চৰ ভিতৰত জমা দিব লাগে। যিসকলে কালিৰ ভিতৰত এই কৰ জমা দিয়া নাই তেওঁলোকৰ পৰা অতিৰিক্ত ২০ শতাংশ জৰিমণা আদায় কৰা হ'ব বুলি প্ৰকাশ কৰা হৈছে...

March 28, 2025 7:27 PM

views 48

দুটা কিস্তিত ধন পৰিষোধৰ ব্যৱস্থা গুৱাহাটী পৌৰ নিগমৰ

গুৱাহাটী পৌৰ নিগমে তিনি বছৰতকৈ অধিক সময় ধৰি সম্পত্তি কৰ আদায় নিদিয়াসকলৰ বাবে দুটা কিস্তিত ধন পৰিষোধৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি তিনি বছৰতকৈ অধিক সময় ধৰি কৰ আদায় নিদিয়াসকলে সম্পত্তি কৰৰ মুঠ পৰিমাণৰ ৫০ শতাংশ কৰ কাইলৈ, পৰহিলৈ আৰু ৩১ মাৰ্চ অৰ্থাৎ সোমবাৰে নিগমৰ উজান বজাৰৰ কাৰ্যালয়ত জমা দিব পাৰিব। বাকী থকা ৫০ শতাংশ কৰ এপ্ৰিল, মে' আৰু জুনৰ ভিতৰত জৰিমনাসহ দিব পাৰিব বুলি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই জানিবলৈ দিয়ে।  

December 30, 2024 8:13 PM

views 51

নতুন বছৰত মহানগৰীখনৰ উন্নয়নৰ বাবে গুৱাহাটী পৌৰ নিগমৰ এলানি কাৰ্যসূচী গ্ৰহণ

গুৱাহাটী পৌৰ নিগমে নতুন বছৰত মহানগৰীখনৰ উন্নয়নৰ বাবে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে। পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহালৰ উপস্থিতিত আজি উজান বজাৰত থকা পৌৰ নিগমৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি মেয়ৰ মৃগেণ শৰণীয়াই কয়, যে নতুন বছৰত মহানগৰীৰ প্ৰতিটো ৱাৰ্ডত কমেও পাঁচটাকৈ সামূহিক শৌচাগাৰ নিৰ্মাণ কৰা হ'ব। ইয়াৰ জৰিয়তে মহানগৰীত ৬০ টা ৱাৰ্ডত ৩০০ টা সামূহিক শৌচাগাৰ নিৰ্মাণ হ'ব বুলি মেয়ৰ শ্ৰী শৰণীয়াই জানিবলৈ দিয়ে। ইয়াৰ লগতে নতুন বছৰত প্ৰতিটো ৱাৰ্ডত তিনি-চাৰিটাকৈ সমূহীয়া সভাঘৰ আৰু পাঁচটাকৈ পথ নিৰ্মাণ...

November 19, 2024 8:39 PM

views 49

স্বচ্ছতা বজাই ৰখা মহানগৰীৰ ১৭৫ খন পূজা সমিতিক পুৰস্কৃত গুৱাহাটী পৌৰ নিগমৰ

গুৱাহাটী পৌৰ নিগমে আজি শাৰদীয় দুর্গোৎসৱৰ সময়ছোৱাত স্বচ্ছতা বজাই ৰখা মহানগৰীৰ ১৭৫ খন পূজা সমিতিক পুৰস্কৃত কৰে। আজি গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই এই পুৰস্কাৰসমূহ বিতৰণ কৰে। এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা ২৫ খন পূজা সমিতিক ১০ হাজাৰ টকাৰ চেক, দ্বিতীয় পুৰস্কাৰ হিচাপে ২৫ খন পূজা সমিতিক ৭ হাজাৰ টকাকৈ আৰু তৃতীয় পুৰস্কাৰপ্ৰাপ্ত ১০০ খন পূজা সমিতিক ৫ হাজাৰ টকাৰ লগতে মানপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত নিগমৰ ভালেকেইগৰাকী প্ৰশাসনিক ...