● গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই সম্পত্তি কৰ আদায়ৰ সময়সীমা বৃদ্ধি কৰা নহ’ব বুলি প্ৰকাশ কৰিছে। এই সময়সীমা বৃদ্ধি কৰাৰ বাবে একাংশ লোকে আহ্বান জনাইছিল যদিও নিগমে সময়সীমা বৃদ্ধি নকৰাৰ কথা স্পষ্ট কৰি দিয়ে। আজিৰেপৰা অতিৰিক্ত ২০ শতাংশ কৰ আদায় কৰা হ’ব বুলিও পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই প্ৰকাশ কৰিছে। নিগমৰ সূত্ৰই প্ৰকাশ কৰা মতে এটা বিত্তীয় বৰ্ষৰ সম্পত্তিৰ কৰ ৩১ মাৰ্চৰ ভিতৰত জমা দিব লাগে। যিসকলে কালিৰ ভিতৰত এই কৰ জমা দিয়া নাই তেওঁলোকৰ পৰা অতিৰিক্ত ২০ শতাংশ জৰিমণা আদায় কৰা হ’ব বুলি প্ৰকাশ কৰা হৈছে।
Assamese | April 1, 2025 11:57 AM | AIR GUWAHATI | Akashvani News | Assam | guwahati municipalty
সম্পত্তি কৰ আদায়ৰ সময়সীমা বৃদ্ধি কৰা নহ’বঃ গুৱাহাটী পৌৰ নিগম