ভাৰতে সুস্থ নাৰী, সৱল পৰিয়াল অভিযানৰ অধীনত তিনিটাকৈ গীনিজ বুকত বিশ্ব অভিলেষ গঢ়িবলৈ সমর্থ হৈছে। ১৭ ছেপ্তেম্বৰৰ পৰা দুই অক্টোবৰলৈ অনুষ্ঠিত এই কার্যসূচীত যথেষ্ট সংখ্যক লোকে অংশগ্রহণ কৰে। এই পদক্ষেপৰ অধীনত কেৱল এমাহত এটা স্বাস্থ্য সেৱা প্লেটফর্মত সর্বাধিক সংখ্যক লোকে পঞ্জীয়ন কৰাৰ অভিলেষ গঢ়ে। তদুপৰি এসপ্তাহত স্তনৰ কৰ্কট ৰোগৰ অনলাইন পৰীক্ষাত সর্বাধিক সংখ্যক লোকে স্বাক্ষৰ কৰাৰ অভিলেষ গঢ়ে। উল্লেখযোগ্য যে, এই অভিযানৰ অধীনত ৯ লাখ ৯৪ হাজাৰৰো অধিক মহিলাই অনলাইন পৰীক্ষাৰ বাবে স্বাক্ষৰ কৰে। তদুপৰি ৰাজ্যিক পর্যায়ত এক লাখ ২৫ হাজাৰ লোকে এসপ্তাহত উচ্চ ৰক্তচাপ, দেহৰ উত্তাপকে ধৰি শৰীৰৰ প্ৰয়োজনীয় মাপকাঠীৰ অনলাইন পৰীক্ষাৰ বাবে স্বাক্ষৰ কৰাৰ ক্ষেত্ৰতো অভিলেষ গড়ে। স্বাস্থ্য মন্ত্র্যালয়ে প্রকাশ কৰা মতে এই অভিযানত কেন্দ্রীয় চৰকাৰৰ অনুষ্ঠান, চিকিৎসা মহাবিদ্যালয় আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ উপৰি ২০ টা মন্ত্র্যালয়ে সক্রিয়ভাবে অংশগ্রহণ কৰিছিল। অভিযানত পাঁচ লাখৰো অধিক পঞ্চায়ত প্রতিনিধি, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ এক কোটি ১৪ লাখ ছাত্র-ছাত্রী, আত্মসহায়ক গোটৰ ১৪ লাখ সদস্য আৰু পাঁচ লাখ অন্যান্য সদস্যই অংশগ্ৰহণ কৰিছে। স্বাস্থ্যবতী মহিলা, সবল পৰিয়াল আৰু বিকশিত ভাৰত নিৰ্মাণত দেশৰ চৰকাৰী ব্যৱস্থা, ডিজিটেল স্বাস্থ্য উদ্ভাৱন আৰু সমুদায়ৰ সমূহীয়া প্ৰচেষ্টাৰ উদাহৰণ হিচাপে এই সাফল্য বিবেচিত হৈছে।
Assamese | November 1, 2025 12:28 PM | Guinness record
সুস্থ নাৰী, সৱল পৰিয়াল অভিযানৰ অধীনত ভাৰতে তিনিটাকৈ গীনিজ বুকত বিশ্ব অভিলেষ গঢ়িবলৈ সমর্থ