গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অহা ২৪ ফেব্ৰুৱাৰীত ৮ হাজাৰ শিল্পীৰ অংশগ্রহণেৰে ঝুমুৰ প্ৰদৰ্শন কৰা হ’ব। বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে প্ৰদৰ্শন কৰিবলগীয়া চাহ জনগোষ্ঠীয় লোকনৃত্য ঝুমুৰ অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। কালি এখন সংবাদমেলত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই এই কথা প্ৰকাশ কৰি কয়, যে ইতিমধ্যে ঝুমুৰ নৃত্যৰ বাবে গীত বাণীবদ্ধ কৰা হৈছে। আজিৰ পৰা তিনিদিনীয়াকৈ মাষ্টাৰ প্ৰশিক্ষকৰ প্ৰশিক্ষণ অনুষ্ঠিত হ’ব। এই প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষকসকলে ২০ৰ পৰা ৩০ জানুৱাৰীলৈ প্ৰতিটো সমষ্টিত শিল্পীৰ বাছনি কৰিব। পৰৱৰ্তী সময়ত জিলা পৰ্যায়ত এই নৃত্যৰ অনুশীলন হ’ব। ৰাজ্যৰ ৮০০ খন চাহ বাগিচাৰ প্ৰায় ৮ হাজাৰ নিৰ্বাচিত শিল্পীক ১৯, ২০ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ অনা হ’ব। ২১ আৰু ২২ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত প্ৰশিক্ষকসকলৰ উপস্থিতিত ঝুমুৰ নৃত্যৰ অনুশীলন কৰা হ’ব। অহা ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত এই নৃত্যৰ প্ৰদৰ্শনীৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নাম লিপিবদ্ধ কৰাৰ প্ৰয়াস কৰা হ’ব বুলি মন্ত্ৰী বৰাই জানিবলৈ দিয়ে।
Assamese | January 6, 2025 12:33 PM | ghy jhumur record
বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ২৪ ফেব্ৰুৱাৰীত ৮ হাজাৰ শিল্পীৰ ঝুমুৰ প্ৰদৰ্শন