ফিজিৰ প্ৰধানমন্ত্রী ছিটিভেনি লিগামামাদা ৰাবুকাই আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত শ্ৰীমতী মুৰ্মুৱে প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰু অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। উল্লেখযোগ্য যে বন্ধুত্বপূর্ণ সম্পর্ক থকা দ্বীপ ৰাষ্ট্ৰসমূহৰ ভিতৰত ফিজিয়ে বিশেষ স্থান অধিকাৰ কৰি আহিছে বুলি তেওঁ লগতে প্ৰকাশ কৰে।
Assamese | August 25, 2025 9:30 PM | Fiji PM Rabuka Meets President Murmu; India Reaffirms Commitment to Pacific Island Ties
ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক ফিজিৰ প্ৰধানমন্ত্রী ছিটিভেনি লিগামামাদা ৰাবুকাৰ সাক্ষাৎ