দেশজুৰি কালিৰে পৰা ফাষ্টটেগৰ নতুন কৰ নীতি কাৰ্যকৰী হৈছে। নেচনেল পেমেণ্টছ কৰ্পৰেচন অৱ ইণ্ডিয়া আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে টোলগে’টসমূহত যান-বাহনৰ কৰ সংগ্ৰহ ব্যৱস্থাৰ ক্ষেত্ৰত কালিৰে পৰা কিছু সালসলনি কৰিছে। সেই অনুসৰি কৰ সংগ্ৰহৰ বৈদ্যুতিন ব্যৱস্থাৰ ফাষ্টটেগত নির্দিষ্ট পৰিমাণতকৈ কম ধনৰাশি থাকিলে, লেনদেনত বিলম্ব হ’লে নতুবা টেগসমূহ নিষ্ক্ৰিক্ৰয় হৈ থাকিলে অতিৰিক্ত কৰ আদায় কৰা হ’ব। তদুপৰি টোলগেট পাৰ হোৱাৰ এঘণ্টা পূৰ্বে আৰু পাৰ হোৱাৰ ১০ মিনিট পাছত ফাষ্টটেগ নিষ্ক্ৰিক্ৰয় হৈ থাকিলেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰা হৈছে।
Assamese | February 18, 2025 11:53 AM | fastag today
কালিৰে পৰা দেশজুৰি ফাষ্টটেগৰ নতুন কৰ নীতি কাৰ্যকৰী