দেশজুৰি আজিৰে পৰা ফাষ্টটেগৰ নতুন কৰ নীতি কার্যকৰী হৈছে। নেচনেল পেমেণ্টছ কৰ্পৰেচন অৱ ইণ্ডিয়া আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে টোলগে’টসমূহত যান-বাহনৰ কৰ সংগ্ৰহ ব্যৱস্থাৰ ক্ষেত্ৰত আজিৰে পৰা কিছু সালসলনি কৰিছে। এই অনুসৰি কৰ সংগ্ৰহৰ বৈদ্যুতিন ব্যৱস্থা ফাষ্টটেগত নির্দিষ্ট পৰিমাণতকৈ কম ধনৰাশি থাকিলে, লেনদেনত বিলম্ব হ’লে নতুবা টেগসমূহ নিষ্ক্রিয় হৈ থাকিলে অতিৰিক্ত কৰ আদায় কৰা হ’ব। তদুপৰি টোলগে’ট পাৰ হোৱাৰ এঘণ্টা পূৰ্বে আৰু পাৰ হোৱাৰ ১০ মিনিট পিছত ফাষ্টটেগ নিষ্ক্ৰিয় হৈ থাকিলেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰা হৈছে৷
Assamese | February 17, 2025 12:44 PM | fastag today
দেশজুৰি আজিৰে পৰা ফাষ্টটেগৰ নতুন কৰ নীতি কার্যকৰী