EL NINO ৰ প্ৰভাৱত হ’ব পৰা ক্ষতিৰ মোকাবিলা কৰিবলৈ চৰকাৰে খেতিয়কসকলক সম্পূৰ্ণৰূপে সহায় কৰিবলৈ প্ৰতিশ্রুতিবদ্ধ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি নতুন দিল্লীত বতৰ আৰু কৃষিক্ষেত্ৰত EL NINOৰ প্রভাৱ সন্দৰ্ভত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত কৰে।

এই বৈঠকত কেইবাখনো ৰাজ্যৰ কৃষিমন্ত্ৰী, সচিব, জিলা আয়ুক্ত আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। এই বৈঠকত কম বৃষ্টিপাত, বিকল্প কৃষি আৰু কৃষকৰ স্বাৰ্থক সুৰক্ষিত কৰাৰ অৰ্থে গ্ৰহণ কৰা প্ৰয়োজনীয় প্রস্তুতি সন্দৰ্ভত আলোকপাত কৰা হয়৷

সামাজিক মাধ্যমৰ এটা বার্তাত মন্ত্রী শ্রী চৌহানে কয়, যে EL NINO ৰ প্ৰভাৱত হ’ব পৰা ক্ষতিৰ মোকাবিলা কৰিবলৈ চৰকাৰে খেতিয়কসকলক সম্পূৰ্ণৰূপে সহায় কৰিবলৈ প্ৰতিশ্রুতিবদ্ধ। তেওঁ লগতে কয়, যে চৰকাৰে কৃষকৰ যিকোনো বিপদৰ সময়ত সহযোগিতা আগবঢ়াবলৈ বদ্ধপৰিকৰ।