September 10, 2026 2:37 PM

views 16

কেন্দ্ৰীয় কৃষিমন্ত্রী শিৱৰাজ সিং চৌহানৰ মালয়েছিয়া, টাইম’ৰ লেছটে আৰু ম্যানমাৰৰ কৃষি মন্ত্ৰীকেইগৰাকীৰ সৈতে উচ্চ পৰ্যায়ৰ দ্বিপাক্ষিক বৈঠক

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে মালয়েছিয়া, টাইম’ৰ লেছটে আৰু ম্যানমাৰৰ কৃষি মন্ত্ৰীকেইগৰাকীৰ সৈতে উচ্চ পৰ্যায়ৰ দ্বিপাক্ষিক বৈঠকত মিলিত হয়। নতুন দিল্লীত আয়োজিত কৃষি আৰু বনানিকৰণ সম্পৰ্কীয় নৱম ভাৰত-আছিয়ান মন্ত্ৰীপৰ্যায়ৰ বৈঠকত অংশ লোৱাৰ সমান্তৰালকৈ কালি এই বৈঠক অনুষ্ঠিত হয়। মন্ত্ৰীগৰাকীয়ে মালয়েছিয়াৰ কৃষি আৰু খাদ্য সুৰক্ষা মন্ত্ৰী মহম্মদ বিন ছাবুৰ সৈতে হোৱা আলোচনাকালত পাৰস্পৰিক জ্ঞান, দক্ষতা আৰু উত্তম পদ্ধতিসমূহৰ বিনিময়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে যুটীয়া ...

June 23, 2026 2:24 PM

views 37

EL NINO ৰ প্ৰভাৱত হ’ব পৰা ক্ষতিৰ মোকাবিলা কৰিবলৈ চৰকাৰে খেতিয়কসকলক সম্পূৰ্ণৰূপে সহায় কৰিবলৈ প্ৰতিশ্রুতিবদ্ধ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি নতুন দিল্লীত বতৰ আৰু কৃষিক্ষেত্ৰত EL NINOৰ প্রভাৱ সন্দৰ্ভত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত কেইবাখনো ৰাজ্যৰ কৃষিমন্ত্ৰী, সচিব, জিলা আয়ুক্ত আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। এই বৈঠকত কম বৃষ্টিপাত, বিকল্প কৃষি আৰু কৃষকৰ স্বাৰ্থক সুৰক্ষিত কৰাৰ অৰ্থে গ্ৰহণ কৰা প্ৰয়োজনীয় প্রস্তুতি সন্দৰ্ভত আলোকপাত কৰা হয়৷ সামাজিক মাধ্যমৰ এটা বার্তাত মন্ত্রী শ্রী চৌহানে কয়, যে EL NINO ৰ প্ৰভাৱত হ'ব পৰা ক্ষতিৰ মোকাবিলা কৰিবলৈ চৰকাৰে খেতিয়কস...

October 10, 2025 3:26 PM

views 77

প্ৰধানমন্ত্ৰী ধন-ধান্য যোজনা আৰু মাহ জাতীয় শস্য অভিযানত আত্মনিৰ্ভৰশীলতাৰ দৰে পদক্ষেপ লোৱা হৈছে: শিৱৰাজ সিং চৌহান

● আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী ধন-ধান্য যোজনা আৰু মাহ জাতীয় শস্য অভিযানত আত্মনিৰ্ভৰশীলতাৰ দৰে পদক্ষেপ লোৱা হৈছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্রকাশ কৰিছে। উল্লেখযোগ্য যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ ভাৰতীয় কৃষি বিজ্ঞান প্ৰতিষ্ঠানৰ চৌহদৰ পৰা প্ৰধানমন্ত্ৰী ধন-ধান্য যোজনা আৰু মাহ জাতীয় শস্য অভিযানত আত্মনিৰ্ভৰশীলতা অভিযান মুকলি কৰিব। দূৰদৰ্শনৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী ...