কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে মালয়েছিয়া, টাইম’ৰ লেছটে আৰু ম্যানমাৰৰ কৃষি মন্ত্ৰীকেইগৰাকীৰ সৈতে উচ্চ পৰ্যায়ৰ দ্বিপাক্ষিক বৈঠকত মিলিত হয়। নতুন দিল্লীত আয়োজিত কৃষি আৰু বনানিকৰণ সম্পৰ্কীয় নৱম ভাৰত-আছিয়ান মন্ত্ৰীপৰ্যায়ৰ বৈঠকত অংশ লোৱাৰ সমান্তৰালকৈ কালি এই বৈঠক অনুষ্ঠিত হয়।
মন্ত্ৰীগৰাকীয়ে মালয়েছিয়াৰ কৃষি আৰু খাদ্য সুৰক্ষা মন্ত্ৰী মহম্মদ বিন ছাবুৰ সৈতে হোৱা আলোচনাকালত পাৰস্পৰিক জ্ঞান, দক্ষতা আৰু উত্তম পদ্ধতিসমূহৰ বিনিময়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে যুটীয়া কৃষি গৱেষণা, প্ৰযুক্তি আৰু উদ্ভাৱনৰ সৱলীকৰণৰ বাবেও আগ্রহ প্রকাশ কৰে। এই বৈঠকত দুয়োগৰাকী মন্ত্ৰীয়ে জিনিয় সম্পদৰ আদান-প্রদান, বাণিজ্য, বজাৰৰ লভ্যতাকে ধৰি কেইবাটাও দ্বিপাক্ষিক বিষয়ত সহযোগিতা বৃদ্ধি আৰু অংশীদাৰিত্ব শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰে।
টাইম’ৰ লেছটেৰ কৃষিমন্ত্রী মার্কোছ ডা ক্রুজে কৃষি আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন প্ৰত্যাহ্বান দূৰ কৰাৰ বাবে দুয়ো দেশৰ শক্তিশালী প্রতিষ্ঠানগত ব্যৱস্থা গঢ়ি তোলাৰ বাবে আগ্রহ প্রকাশ কৰে। শ্ৰীচৌহানে টাইম’ৰ লেছটেৰ সৈতে কৃষি গৱেষণা আৰু উদ্ভাৱন সামৰ্থ বৃদ্ধিৰ ক্ষেত্ৰত বিজ্ঞানী, বিশেষজ্ঞ আৰু মানৱ সম্পদৰ লগতে উত্তম পদ্ধতিসমূহৰ বিনিময়ৰ বাবে চৰকাৰ প্রতিশ্রুতিবদ্ধ বুলি জানিবলৈ দিয়ে।
শ্রীচৌহানে ম্যানমাৰৰ কৃষিমন্ত্রী মিন নাওঙৰ সৈতে এখন বৈঠকত মিলিত হয়। এই আলোচনাকালত শ্রীচৌহানে দেশখনৰ সৈতে কৃষি সম্পৰ্কীয় বুজাবুজিৰ চুক্তি ৰূপায়ণৰ চূড়ান্ত পৰ্যায়ত উপনীত হৈছে বুলি জানিবলৈ দিয়ে। দুয়োগৰাকী নেতাই কৃষিজাত সামগ্রী যেনে দাইল, কঁপাহৰ উপৰি দুগ্ধ উন্নয়ন আৰু কৃষি শিক্ষাৰ ক্ষেত্ৰত পাৰস্পৰিক সহায়ক লৈ সহমত প্ৰকাশ কৰে।