ভাৰতীয় নির্বাচন আয়োগে হাৰিয়ানা আৰু কেন্দ্রীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, কালি নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু এছ এছ সন্ধুৰ সৈতে মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে চণ্ডীগড়ৰ হাৰিয়ানাত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতিৰ বিশদ পর্যালোচনা কৰে। ৩ নৱেম্বৰত হাৰিয়ানাত ৰাজ্যিক বিধানসভাৰ কাৰ্যকাল অন্ত পৰিব আৰু ৰাজ্যখনৰ ৯০টা বিধানসভা সমষ্টিত নিৰ্বাচনৰ দিন ধাৰ্য কৰা হৈছে। আয়োগৰ দুদিনীয়া পৰ্যালোচনা ভ্ৰমণৰ সময়ত আম আদমী পার্টি, ভাৰতীয় জনতা পাৰ্টি, ভাৰতীয় মার্ক্সবাদী কমিউনিষ্ট পাৰ্টি, ভাৰতীয় জাতীয় কংগ্ৰেছ, ভাৰতীয় জাতীয় লোকদল, আৰু জান্নয়ক জনতা পাৰ্টিকে ধৰি ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহৰ প্ৰতিনিধিসকলে আয়োগক সাক্ষাৎ কৰে। আয়োগে ৰাজনৈতিক দলসমূহৰ পৰামৰ্শৰ প্ৰতি লক্ষ্য ৰাখিছে বুলি আশ্বাস প্ৰদান কৰে। ৰাজ্যখনত মুক্ত, নিকা, সর্বাংগীন, শান্তিপূর্ণ, আৰু প্ৰৰোচনামুক্ত নির্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগ প্রতিশ্রুতিবদ্ধ বুলি বিজ্ঞপ্তিযোগে প্রকাশ কৰা হয়।
Assamese | August 14, 2024 12:10 PM | eci haryana jammu kashmir
হাৰিয়ানা আৰু জম্মু-কাশ্মীৰত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ ভাৰতীয় নির্বাচন আয়োগ সাজু