বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি ৰিয়াধত প্ৰথম ভাৰত-গালফ সহযোগিতা পৰিষদৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। ড° জয়শংকৰ দ্বিদেশীয় ভ্ৰমণৰ প্ৰথম পৰ্যায়ত কালি ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধত উপস্থিত হয়। এই বৈঠকৰ উদ্দেশ্য হৈছে- ভাৰত আৰু গালফ ৰাষ্ট্ৰসমূহৰ মাজত সম্পৰ্ক শক্তিশালী কৰা। ভাৰত-গালফ সহযোগিতা পৰিষদৰ উদ্বোধনী বৈঠকত বাণিজ্য, বিনিয়োগ আৰু শক্তিখণ্ডকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হ’ব। ড° জয়শংকৰে এই ভ্ৰমণ কালত ভাৰত-গালফ সহযোগিতা পৰিষদৰ সদস্য ৰাষ্ট্ৰসমূহৰ বিদেশমন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। কালি তেওঁ ভাৰত আৰু ছৌদিৰ মাজত ঐতিহাসিক সম্পৰ্কত গুৰুত্ব আৰোপ কৰি ৰিয়াধৰ মুখ্য সাংস্কৃতিক স্থানসমূহ পৰিদৰ্শন কৰে। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত তেওঁ কাইলৈ জাৰ্মানীৰ ৰাজধানী বার্লিনত উপস্থিত হ’ব।
Assamese | September 9, 2024 11:45 AM | EAM S. Jaishankar to attend 1st India Gulf Cooperation Council Foreign Ministers’ Meeting in Riyadh
ৰিয়াধত আজি প্ৰথম ভাৰত-গালফ সহযোগিতা পৰিষদৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ড০ এছ জয়শংকৰে অংশগ্ৰহণ কৰিব