October 30, 2026 11:53 AM | Bimol bora

printer

আত্মনিৰ্ভৰ অসম অভিযানৰ আঢ়ৈ হাজাৰ হিতাধিকাৰীয়ে প্ৰথম কিস্তিত লাভ কৰা ১ লাখ টকা ঘূৰাই দিব লাগিব বুলি বিমল বৰাৰ ঘোষণা

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় কিস্তিৰ ধন লাভ নকৰা ৰাজ্যৰ দুহেজাৰ ৫০০ গৰাকী হিতাধিকাৰীয়ে প্ৰথম কিস্তিত লাভ কৰা ১ লাখ টকা ঘূৰাই দিব লাগিব বুলি উদ্যোগমন্ত্ৰী বিমল বৰাই ঘোষণা কৰিছে। একেদৰে তৃতীয় কিস্তিৰ ধন লাভ নকৰাসকলেও প্ৰথম কিস্তিৰ ধন ঘূৰাই দিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অহা বছৰৰ জানুৱাৰীৰ পৰা এই আঁচনিৰ তৃতীয় কিস্তিৰ ধন প্ৰদান আৰু পূৰ্বে প্ৰদান কৰা ধন ঘূৰাই লোৱা প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। হোজাইত কালি হিতাধিকাৰীসকলৰ সৈতে মত বিনিময়ৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে।

তেওঁ কয়, যে ৰাজ্যৰ উদ্যমী যুৱক-যুৱতীসকলৰ অৰ্থনৈতিকভাৱে সৱলীকৰণৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ১ লাখ যুৱক-যুৱতীক প্রথম কিস্তিত ১ লাখ টকালৈকে অর্থসাহায্য প্ৰদান কৰা হৈছিল। মন্ত্ৰীগৰাকীয়ে এই কিস্তিৰ ধন উপযুক্ত কামত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। কিস্তিৰ ধন উপযুক্তভাৱে ব্যৱহাৰ কৰিব নোৱাৰাসকলক পৰৱৰ্তী কিস্তি দিব পৰা নাই বুলি তেওঁ উল্লেখ কৰে ।