August 19, 2026 8:15 PM
5
উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাৰ অধ্যক্ষতাত বিভাগটোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ পৰ্যালোচনা বৈঠক
উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাৰ অধ্যক্ষতাত আজি বিভাগটোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত অসম ঔদ্যোগিক ভূমি ব্যৱস্থাপনা নীতি আৰু ইথানল নীতিৰ বাবে নীতি-নিৰ্দেশনা প্ৰস্তুত কৰা আৰু ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ বিশদভাৱে আলোচনা কৰা হয়। বৈঠকত মন্ত্ৰী বৰাই ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসমত শক্তিশালী ঔদ্যোগিক পৰিৱেশ, বিনিয়োগৰ বাবে অনুকূল পৰিস্থিতি গঢ়ি তোলাৰ লগতে বহনক্ষম অর্থনৈতিক ব...