July 15, 2026 12:02 PM | Bimol bora

printer

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ফলপ্ৰসূ ৰূপায়ণ সন্দৰ্ভত বিমল বৰাৰ বৈঠক

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ফলপ্ৰসূ ৰূপায়ণ সন্দৰ্ভত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি বিভিন্ন বেংক আৰু জিলা, উদ্যোগত তথা বাণিজ্য কেন্দ্ৰৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰীসকলে যাতে সহজে মুদ্রা ঋণ প্রধানমন্ত্রী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ গঠন, প্রধানমন্ত্রী নিয়োগ সৃষ্টি কাৰ্যসূচী আদিৰ সুবিধা গ্ৰহণ কৰি ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে, তাৰবাবে পদক্ষেপ ল’বলৈ মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কয়, যে অসমৰ যুৱক- যুৱতীসকলে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি ব্যৱসায়-বাণিজ্যৰ জৰিয়তে ৰাজ্যৰ অৰ্থনৈতিক বিকাশত বৰঙণি যোগাব পৰাকৈ চৰকাৰে দুই লাখ যুৱক-যুৱতীক দুই লাখ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰিছে। পৰৱৰ্তী পৰ্যায়ত ব্যৱসায় সম্প্ৰসাৰণৰ বাবে তেওঁলোকে বিভিন্ন আঁচনিৰ সহায় লৈ ঋণ লাভ কৰিব পৰাকৈ সুবিধা প্ৰদান কৰিবলৈও বৈঠকত আহ্বান জনোৱা হয়। এইক্ষেত্ৰত উদ্যোগ বিভাগ আৰু বেংক শাখাসমূহৰ সহযোগত হিতাধিকাৰীসকলক সজাগ কৰাৰ বাবে বৈঠকত সিদ্ধান্ত লোৱা হয়।