উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই জি আই টেগ লাভ কৰা গামোচা আৰু আৰণাই বিদেশলৈ ৰপ্তানি কৰাৰ বাবে অসমত ৰপ্তানি সুবিধা কেন্দ্ৰ স্থাপন কৰিবলৈ আহ্বান জনাইছে।
মন্ত্ৰীগৰাকীয়ে কালি নতুন দিল্লীত অনুষ্ঠিত বাণিজ্য পৰিষদৰ এখন বৈঠকত অংশগ্ৰহণ কৰি এইদৰে আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কণ্টেইনাৰৰ অভাৱত গুৱাহাটীৰ পৰা বিদেশলৈ চাহ পঠিওৱাত অসুবিধা হোৱাৰ বাবে কলকাতাৰ পৰা প্ৰেৰণ কৰিবলগীয়া হোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কণ্টেইনাৰ বৃদ্ধিৰ বাবেও আহ্বান জনায়। বিদেশত প্ৰভূত চাহিদা থকা অগৰু কাঠৰ ৰপ্তানি সূচল কৰাৰ বাবে ডিজিএছটি অনুজ্ঞাপত্ৰ আৰু অনুমতি ব্যৱস্থা সূচল কৰাৰ বাবেও শ্ৰী বৰাই অনুৰোধ জনায়। তেওঁ লগতে ভৈব্য আঁচনিৰ অধীনত অসমতো প্লাগ এণ্ড প্লে ঔদ্যোগিক পাম স্থাপনৰ বাবে অনুমোদন দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্বান জনায়।