October 30, 2026 12:55 PM | Panchayati raj

printer

নতুন দিল্লীত আজি জন পৰিকল্পনা অভিযানৰ ওপৰত ৰাষ্ট্ৰীয় কৰ্মশালা

পঞ্চায়তীৰাজ মন্ত্ৰালয়ে আজি নতুন দিল্লীত জন পৰিকল্পনা অভিযানৰ ওপৰত ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰিছে। পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে এই কর্মশালাখন উদ্বোধন কৰিব। পঞ্চায়তীৰাজ সচিব ড০ বিনীত যোশী আৰু খোৱাপানী তথা অনাময় সচিব অশোক কে কে মীনাৰ লগতে আন আন জ্যেষ্ঠ বিষয়াসকলে অংশগ্রহণ কৰিব।

কর্মশালাখন জন পৰিকল্পনা অভিযানৰ মুখ্য সফলতাসূহ পর্যালোচনা কৰা হ’ব। ইয়াৰ লগতে ২০২৭-২৮ বিত্তীয় বৰ্ষৰ বাবে উন্নয়ন আঁচনি প্ৰস্তুত কৰাৰ বাবে পঞ্চায়ত উন্নযন আঁচনিসমূহৰ ভূমিকা সম্পৰ্কেও আলোচনা কৰা হ’ব। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ৪০০ৰো অধিক প্ৰতিনিধিয়ে এই কৰ্মশালাখনত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

এই কৰ্মশালাৰ কাৰিকৰী সত্ৰত গ্ৰাম পঞ্চায়তসমূহৰ উন্নয়ন পৰিকল্পনা, ষোড়শ বিত্ত আয়োগৰ অধীনত অনুদান, নিজা উৎসৰ ৰাজহ আৰু সমৰ্থ পঞ্চায়ত পৰ্টেলৰ মান উন্নত কৰাৰ ওপৰত গুৰুত্ব দিয়া হ’ব। এই কৰ্মশালাখনৰ সময়তে জন পৰিকল্পনা অভিযানৰ ওপৰত এখন পুস্তিকাও মুকলি কৰা হ’ব ।