খেল মহাৰণৰ তৃতীয় সংস্কৰণৰ প্ৰতীক, শুভংকৰ, জাৰ্চি আৰু শীৰ্ষ সংগীত আজি উন্মোচন কৰা হ’ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত বিয়লি চাৰে চাৰি বজাত হ’বলগীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত ক্রীড়া মন্ত্রী বিশ্বজিৎ দৈমাৰীয়েও অংশ ল’ব। উল্লেখযোগ্য যে ৰাজ্যত খেল মহাৰণৰ তৃতীয়টো সংস্কৰণৰ খেলসমূহ অহা ৭ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ইতিপূর্বে প্রকাশ কৰিছিল। ক্ৰীড়াৰ প্ৰতি নৱ-প্ৰজন্মৰ উৎসাহ, প্ৰতিভা আৰু উদ্যমক নতুন মঞ্চ প্ৰদানৰ বাবে এই কাৰ্যসূচী অনুষ্ঠিত হ’ব। গাঁৱৰ খেল-পথাৰৰ পৰা ৰাজ্যিক পৰ্যায়লৈ প্ৰতিভা সন্ধান, প্ৰতিভা বিকাশ আৰু ক্ৰীড়াৰ জৰিয়তে যুৱ সমাজক শক্তিশালী কৰাৰ বাবে এইবাৰ অধিক ব্যাপক আৰু ৰোমাঞ্চকৰ ৰূপত এই ক্ৰীড়াৰ আয়োজন কৰা হ’ব। এইবাৰ তৃতীয় সংস্কৰণত ৮বিধ ক্রীড়া প্রতিযোগিতা অন্তৰ্ভুক্ত কৰা হৈছে। এথলেটিক্চ, যোগাসন, দবা, বক্সিং, একুৱাথলন, ফুটবল, ভলীবল আৰু সাঁতোৰ এইকেইটা শিতানত খেল অনুষ্ঠিত হ’ব। অসমৰ ক্ৰীড়া-সংস্কৃতি উন্নত কৰাৰ বাবে খেলৰ আন্তঃগাঁথনিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। ৰাজ্যজুৰি ৩,০০০ খেল-পথাৰ নিৰ্মাণ আৰু ব্যৱহাৰৰ উপযোগী কৰি তোলা হৈছে। তদুপৰি ২৯ হাজাৰ দবা ব’ৰ্ড বিতৰণ কৰাৰ লগতে ভৱিষ্যতৰ ক্ৰীড়াবিদসকলৰ বাবে ১ লাখ ৪০ হাজাৰ সম্ভাৱনাময় খেলুৱৈৰ এটা বৃহৎ তথ্য ভাণ্ডাৰ প্ৰস্তুত কৰা হৈছে। উল্লেখযোগ্য যে যোৱা বাৰৰ খেল মহাৰণত ৩৯ লাখ ১৯ হাজাৰ ৬৫৯ গৰাকী খেলুৱৈয়ে অংশ লৈছিল আৰু ইয়াৰে ৫৫৪ গৰাকীক বাছনি কৰি প্ৰশিক্ষণ দিয়া হৈছিল। একেদৰে প্ৰথম সংস্কৰণত ৬১২ গৰাকী প্ৰতিভা চিনাক্ত কৰি ৩৫০ ৰো অধিক খেলুৱৈক প্ৰশিক্ষণ দিয়া হৈছিল।
Assamese | October 30, 2026 12:30 PM | Khel Maharan 3.0
আজি খেল মহাৰণৰ তৃতীয় সংস্কৰণৰ প্ৰতীক, শুভংকৰ, জাৰ্চি আৰু শীৰ্ষ সংগীত উন্মোচন