ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কাইলৈৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয়বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ কলা-সংস্কৃতি আৰু সাহিত্য বিষয়ক স্বেচ্ছাসেৱী অনুষ্ঠান ফ’কেলৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়খনৰ সহযোগত আয়োজিত এই মহোৎসৱত আফ্ৰিকাক কেন্দ্ৰীয় বিষয় হিচাপে লোৱা হৈছে। ভাৰতৰ লগতে বিশ্বৰ ২৫ খন দেশৰ লেখক-সাহিত্যিকে এই মহোৎসৱত অংশ ল’ব। ইটালী, ইংলেণ্ড, পর্তুগাল, ইউক্রেইন, স্পেইনকে ধৰি দেশসমূহৰ লগতে ভাৰতৰ ভালেসংখ্যক খ্যাতনামা সাহিত্যিকে অনুষ্ঠানত ভাগ ল’ব। অসমৰ অনুৰাধা শৰ্মা পূজাৰী, অৰুপা পটংগীয়া কলিতা, বিপুল দেউৰী, কৰবী ডেকা হাজৰিকাৰ উপৰি নতুন প্ৰজন্মৰ কেইবাগৰাকীও লেখকে এই অনুষ্ঠানত অংশ ল’ব। সাহিত্য মহোৎসৱৰ সবিশেষ জানিবলৈ www.dibrulitfest.com ৱেবছাইট চাব পাৰে ।
Assamese | February 4, 2025 1:00 PM | dibrugarh university literary festival
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কাইলৈৰ পৰা চাৰিদিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ