জাপানৰ আইচি-নাগোয়াত ১৯ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ এছিয়ান গেমছ ২০২৬ অনুষ্ঠিত কৰা হ’ব। অৱশ্যে মুকলি অনুষ্ঠানৰ ৯ দিন পূর্বে অর্থাত ১০ ছেপ্টেম্বৰৰ পৰাই খেল আৰম্ভ হোৱাৰ কথা। ১৭ ছেপ্টেম্বৰত টেকবলৰ জৰিয়তে ভাৰতৰ অভিযান আৰম্ভ হোৱাৰ বিপৰীতে ১৮ ছেপ্টেম্বৰত ভাৰতীয় মহিলা ক্রিকেট দলে জাপানৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত আৰম্ভণি কৰিব। ভাৰতে ক্ৰিকেট আৰু কাবাডীত পুৰুষ আৰু মহিলা উভয় দলৰ খিতাপ দখল কৰাৰ চেষ্টা চলাব। বিপৰীতে হকীত ভাৰতীয় পুৰুষৰ দলটোৱেও ডিফেণ্ডিং চেম্পিয়ন হিচাপে প্ৰৱেশ কৰিব। ২০ ছেপ্টেম্বৰৰ পৰা ইচিনোমিয়া চিটি মিউনিচিপাল জিমনেছিয়ামত বেডমিণ্টনত দুবাৰৰ অলিম্পিক পদক বিজয়ী পিভি সিন্ধুৱে খেলিব। অলিম্পিক পদক বিজয়ী মিৰাবাই চানুৱে ভাৰতৰ পাঁচজনীয়া ভাৰোত্তোলন দলৰ নেতৃত্ব দিব। আনহাতে অলিম্পিক পদক বিজয়ী মনু ভাকেৰ শ্বুটিঙত আৰু, পেৰিছ ২০২৪ত ব্ৰঞ্জৰ পদক বিজয়ী অমন ছেহৰাৱাটে মল্লযুঁজত অংশগ্ৰহণ কৰিব।
বক্সাৰসকলৰ ভিতৰত লাভলিনা বৰগোহাঁই আৰু সাক্ষী চৌধাৰীয়েও অংশগ্ৰহণ কৰিব। ২৪ ছেপ্টেম্বৰৰ পৰা ২৯ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এথলেটিকছত ভাৰতৰ হৈ ৭০ জনতকৈ অধিক লোকে অংশগ্ৰহণ কৰিব।