July 3, 2025 1:51 PM | dhuburi gst raid

printer

ধুবুৰীৰ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ ফাঁকিৰ বিৰুদ্ধে জি এছ টি বিভাগৰ অভিযান

ৰাজ্য চৰকাৰৰ জি এছ টি বিভাগে কালি মাজনিশাৰে পৰা ধুবুৰীৰ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ ফাঁকিৰ বিৰুদ্ধে অভিযান চলায়। চহৰখনৰ এনে একাংশ প্রতিষ্ঠানে সামগ্ৰী আৰু সেৱা কৰ ফাঁকি দি ব্যৱসায় চলাই অহা বুলি অভিযোগ উত্থাপিত হোৱাৰ পৰিপ্ৰেক্ষিতত এই অভিযান চলোৱা হয়।  এনে অভিযানৰ অংশ হিচাপে ধুবুৰীৰ নিউ ঘাটত থকা এটা ডেম্পত অভিযান চলাই বিভাগীয় দলটোৱে ভালেমান নথি-পত্ৰ জব্দ কৰে। ডেম্পটোৰ গৰাকীজনৰ বিৰুদ্ধে জি এছ টি ফাঁকিৰে ব্যৱসায় কৰাৰ অভিযোগ উত্থাপিত হৈছে।