দেশৰ প্ৰসিদ্ধ শ্বুটিং প্রশিক্ষক তথা এছিয়ান গেম্ছত সোণৰ পদক বিজেতা যশপাল ৰাণাৰ যোৱানিশা দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪৯ বছৰ। জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত আই এছ এছ বিশ্বকাপ শ্বুটিং প্রতিযোগিতাৰ পৰা ভাৰতীয় দল উভতি অহাৰ সময়ত ৰোগত আক্ৰান্ত হোৱাৰ বাবে ৰাণাক অলপতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু হৃদযন্ত্ৰৰ ৰক্তবাহী নলীত হোৱা ব্লকেজৰ বাবে ষ্টেণ্ট স্থাপন কৰা হৈছিল। প্ৰয়াত ৰাণা ভাৰতীয় পিষ্টল শ্বুটাৰসকলৰ প্ৰশিক্ষক হিচাপে কৰ্মৰত আছিল যশপাল ৰাণাই পেৰিছ অলিম্পিকত দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰা মনু ভাকৰক বিশেষভাৱে সহায় কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যশপাল ৰাণাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শোকবার্তাত কয়, যে ৰাণাই শ্বুটিঙত লাভ কৰা অসাধাৰণ সাফল্যৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। শ্রী মোদীয়ে কয়, যে তেওঁ পথ প্রদর্শক হিচাপে যুৱ খেলুৱৈসকলক নিষ্ঠা সহকাৰে প্ৰশিক্ষণ প্ৰদান কৰিছিল ।
Assamese | June 12, 2026 12:53 PM | jaspal rana
দেশৰ প্ৰসিদ্ধ শ্বুটিং প্রশিক্ষক তথা এছিয়ান গেম্ছত সোণৰ পদক বিজেতা যশপাল ৰাণাৰ দেহাৱসান