ধেমাজিৰ আউনিআটি গাঁৱৰ কাষৰ কুমতীয়া নৈত গা ধুবলৈ গৈ এগৰাকী ১৫ বছৰীয়া কিশোৰীৰ সলিল সমাধি ঘটিছে। মৃত কিশোৰীগৰাকী আউনিআটি গাঁৱৰ বিজুমণি বনিয়া বুলি জানিবলৈ পৰা গৈছে। কিশোৰীগৰাকীয়ে লগৰীয়াৰ সৈতে বিহু মাৰি আহি নদীত গা ধুবলৈ লওঁতে আন তিনিসমনীয়াৰ সৈতে নৈত খান্দি থোৱা দ’ খাৱৈত পৰে। স্থানীয় লোকে তিনিগৰাকীক উদ্ধাৰ কৰে যদিও বিজুমণি বনিয়াক জীৱন্তে উদ্ধাৰ কৰিব নোৱাৰিলে৷
Assamese | April 19, 2025 7:54 PM | dhemaji death
ধেমাজিৰ কুমতীয়া নৈত গা ধুবলৈ গৈ ১৫ বছৰীয়া কিশোৰীৰ সলিল সমাধি