দুবছৰীয়া কাৰ্যকালৰ অন্তত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে কালি অৱসৰ গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েছনে আয়োজন কৰা বিদায় সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য ন্যায়াধীশগৰাকী আৱেগিক হৈ পৰে। স্মৃতি ৰোমন্থন কৰি শ্ৰী চন্দ্ৰচূড়ে তেওঁৰ কাৰ্যকালত অনিচ্ছাকৃতভাৱে দিয়া দুখৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰে। উল্লেখযোগ্য যে কাইলৈহে মুখ্য ন্যায়াধীশগৰাকীৰ কাৰ্যকালৰ অন্ত পৰিব যদিও আজি আৰু কাইলৈ ন্যায়ালয় বন্ধ থকাৰ বাবে কালিয়ে তেওঁ আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। অহা ১১ নৱেম্বৰত ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শ্রী চন্দ্ৰচূড়ৰ উত্তৰসুৰী ন্যায়াধীশ সঞ্জীৱ খান্নাই দায়িত্ব গ্ৰহণ কৰিব। কালিৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানত ন্যায়াধীশ সঞ্জীৱ খান্নাও উপস্থিত থাকে।
Assamese | November 9, 2024 11:02 AM | D Y Chandrachud cji retirement
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ৰ অৱসৰ গ্ৰহণ