টানজানিয়াৰ পৰা কঙ্গোলৈ যোৱা এখন নাও টাংগান্যিকা হ্রদত উলটি পৰাৰ ফলত কমেও ৪১ জন লোকৰ মৃত্যু হৈছে। প্রদেশখনৰ প্ৰাদেশিক পৰিবহন মন্ত্ৰীয়ে সদৰী কৰা অনুসৰি, নাওখনত প্রায় ১০০ জন যাত্ৰীৰ উপৰি সামগ্রীও কঢ়িয়াই নি থকা হৈছিল। বর্তমানলৈকে ৪৯ জন লোকক উদ্ধাৰ কৰা হৈছে আৰু বাকী যাত্ৰীসকলৰ সন্ধান অব্যাহত থকা বুলিও তেওঁ উলেখ কৰে। টানজানিয়াৰ কিগোমাৰ পৰা কঙ্গোৰ টাংগান্যিকা প্ৰদেশৰ কালেমি চহৰলৈ গৈ থকা নাওখন মাপেৰা গাঁৱৰ সমীপত দুর্ঘটনাগ্রস্ত হয়। দুর্ঘটনাটোৰ কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই যদিও বিগত বর্ষসমূহত কঙ্গোলৈ হোৱা জলপথ যাত্রাত কেইবাশ লোকৰ মৃত্যু হৈছে।
Assamese | September 25, 2026 11:24 AM | Tanzania Boat Accident
টানজানিয়াৰ নাও দুৰ্ঘটনাত কমেও ৪১ জন লোকৰ মৃত্যু