মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ছুইজাৰলেণ্ডৰ ডাভ‘ছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চৰ অধিৱেশনৰ চতুর্থ দিনা স্বাস্থ্য আৰু স্বাস্থ্য সেৱা সম্পর্কীয় গুৰুত্বপূর্ণ বৈঠকত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অসমৰ অগ্ৰাধিকাৰৰ বিষয়সমূহক গোলকীয় মঞ্চলৈ লৈ যোৱাৰ উদ্দেশ্যে ৫ খন দ্বিপাক্ষিক বৈঠকত মিলিত হ‘ব আৰু বিনিয়োগকাৰী সকলৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে বিশ্বৰ ভালেকেইটা কোম্পানীয়ে অসমৰ বিভিন্ন খণ্ডত বিনিয়োগৰ বাবে ইচ্ছা প্রকাশ কৰিছে। বিশ্বৰ বিভিন্ন কোম্পানীয়ে ৰাজ্যখনত প্রায় এক লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাব দিছে। ভাৰতৰ প্ৰতিনিধি মণ্ডলীৰ সৈতে ডাভ‘ছত এই সন্মিলনত অংশগ্রহণ কৰা মুখ্যমন্ত্রী ড° শর্মাই কালি সংবাদ মাধ্যমৰ আগত এই বিনিয়োগৰ প্ৰস্তাৱৰ বিষয়ে উল্লেখ কৰে। ইয়াৰ জৰিয়তে অসমৰ লগতে সমগ্র উত্তৰ পূৰ্বাঞ্চল উপকৃত হ‘ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। ইতিমধ্যে এই সন্মিলনত অসমে ১০ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।
Assamese | January 22, 2026 6:54 PM | CM dovas
বিশ্ব অর্থনৈতিক মঞ্চৰ অধিৱেশনৰ আজি স্বাস্থ্য আৰু স্বাস্থ্য সেৱা সম্পর্কীয় গুৰুত্বপূর্ণ বৈঠকত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ