কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলৰ ৩৯১ বর্গ কিলোমিটাৰ সামৰি নতুনকৈ চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্রদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। কালি স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত তেওঁ এই কথা উল্লেখ কৰে। উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাৰ হল্টুগাঁও, ঝাৰবাড়ী আৰু চিৰাং জিলাৰ ৰুণিখাটা বনাঞ্চল এনেকৈ সামৰি গঠন কৰিবলগীয়া চিকনঝাৰ জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান অসমৰ অষ্টম তথা বি টি আৰৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিব।
Assamese | August 16, 2024 1:19 PM | chirang ripu
চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চল চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি