চাইনা অ’পেন বেডমিণ্টনত বি ডব্লিউ এফ ছুপাৰ থাউজেনত আজি চীনৰ চাংঝৌত অনুষ্ঠিত হ’বলগীয়া মহিলাৰ একক শিতানৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় শ্বাটলাৰ মালবিকা বানছ’ডে জাপানৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিৰ মুখামুখি হ’ব। কালি ১৬ ৰাউণ্ডত ২২বছৰীয়া খেলুৱৈগৰাকীয়ে স্কটলেণ্ডৰ কিষ্টি গিলম’ৰক পৰাস্ত কৰি ৰোমাঞ্চকৰ প্ৰদৰ্শন আগবঢ়ায়। বানছোদ এই প্রতিযোগিতাত বাকী থকা একমাত্র ভাৰতীয় খেলুৱৈ। দুবাৰৰ বিশ্ব চেম্পিয়ন আৰু পূৰ্বে বিশ্বৰ ১ নম্বৰ স্থানত থকা প্ৰতিদ্বন্দ্বী য়ামাগুচিয়ে ভাৰতীয় খেলুৱৈগৰাকীৰ বিজয়ৰ প্ৰতি কঠিন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।
Assamese | September 20, 2024 1:22 PM | China Open 2024 India’s Malvika Bansod
চাইনা অ’পেন বেডমিণ্টনত আজি ভাৰতৰ মালবিকা বানছ’ডে জাপানৰ আকানে য়ামাগুচিৰ মুখামুখি হ’ব