বুডাপেষ্টত অনুষ্ঠিত হৈ থকা ৪৫ সংখ্যক দবা অলিম্পিয়াডৰ মুকলি শাখাত ভাৰতে আজাৰবাইজানক ৩-১ ফলাফলত পৰাস্ত কৰে। আনহাতে মহিলা শাখাৰ পঞ্চম ৰাউণ্ডত ভাৰতীয় দলটোৱে কাজাখস্তানক পৰাস্ত কৰে। মুকলি শাখাত ভাৰতৰ গুকেশে আজাৰবাইজানৰ প্ৰতিদ্বন্দ্বী আয়দিন চুলেমানলীৰ বিৰুদ্ধে সহজ জয় সাব্যস্ত কৰে। অৰ্জুন এৰিগাইচিয়ে আজাৰবাইজানৰ ৰাউফ মামেডভক পৰাস্ত কৰি একেৰাহে পঞ্চমটো জয় সাব্যস্ত কৰে। ভাৰতৰ প্ৰজ্ঞানন্দা আৰু বিদিত গুজৰাথীয়ে ড্র’ৰে খেল সমাপ্ত কৰে। আনহাতে মহিলা শাখাত হৰিকা দ্ৰোণাৱল্লী শীৰ্ষ ব’ৰ্ডত কাজাখস্তানৰ বিবিছাৰা আছাউবায়েভাৰ হাতত পৰাস্ত হয়। ইয়াৰ বিপৰীতে বৈশালীয়ে মেৰুৱেৰ্ট কামালিডেনোভাক আৰু ভণ্টিকা আগৰৱালে আলুৱা নুৰমানক পৰাস্ত কৰে। আনহাতে দিব্য দেশমুখে জেনিয়া বালাবায়েভাৰ বিৰুদ্ধে ড্র’ খেলে। উল্লেখ যোগ্য যে দবা অলিম্পিয়াডত আৰু ছটা ৰাউণ্ডৰ খেল অনুষ্ঠিত হ’বলৈ বাকী আছে।
Assamese | September 16, 2024 11:37 AM | Chess Olympiad Indian Men’s team scores victory over Azerbaijan
বুডাপেষ্টত অনুষ্ঠিত দবা অলিম্পিয়াডৰ মুকলি শাখাত আজাৰবাইজানক ৩-১ত পৰাস্ত ভাৰতৰ