বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী পৰ্যবেক্ষণৰ বাবে আজি শিৱসাগৰ জিলা পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্ত কাৰ্যালয়ত জিলা প্রশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ লগত বৈঠক অনুষ্ঠিত কৰি অমৃত বৃক্ষ আন্দোলনৰ অগ্ৰগতিৰ বুজ লয়। পাছত এই কাৰ্যসূচীৰ অংশ হিচাপে গছপুলি ৰোপণ কাৰ্যসূচীতো মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে। তেওঁ লগতে চহৰখনৰ ফুকন নগৰত নিৰ্মাণ কৰিবলৈ লোৱা ইকো-পার্কৰো শিলান্যাস কৰে। তিনিচুকীয়া জিলাত এই আন্দোলনৰ অংশ হিচাপে জিলাখনৰ ডুমডুমা মহাবিদ্যালয়ত বিধায়ক ৰূপেশ গোৱালাই অংশগ্ৰহণ কৰে। বিধায়কগৰাকীয়ে মহাবিদ্যালয় চৌহদত গছপুলি ৰোপণ কৰে।
Assamese | August 8, 2024 7:22 PM | Chandamohon patuwary
অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী পৰ্যবেক্ষণৰ বাবে আজি চন্দ্ৰমোহন পাটোৱাৰীৰ শিৱসাগৰ জিলা পৰিদৰ্শন