প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্রগতিৰ ৫২ সংখ্যক বৈঠকত অধ্যক্ষতা কৰি আন্তঃগাঁথনিমূলক প্রকল্পসমূহৰ কাৰ্যকৰীকৰণৰ পৰ্যালোচনা কৰে। প্ৰশাসনৰ সক্ৰিয়তা আৰু নিৰ্ধাৰিত সময়ত ৰূপায়ণৰ বাবে প্ৰযুক্তি-সক্ষম এই মঞ্চখনত প্ৰধানমন্ত্ৰীয়ে চাৰিখন ৰাজ্যত প্ৰায় ৩০ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে নিৰ্মাণ হ’বলগীয়া পথ, বিদ্যুৎ, উদ্যোগিক ক’ৰিডৰ আৰু মেট্ৰ’ ৰেল খণ্ডৰ চাৰিটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতি পর্যালোচনা কৰে৷
বৈঠকত শ্রীমোদীয়ে উল্লেখ কৰে যে আন্তঃগাঁথনি প্রকল্পত হোৱা বিলম্বই ব্যয় বৃদ্ধি কৰাৰ উপৰি নাগৰিক আৰু উদ্যোগসমূহক সময়মতে পাবলগীয়া সুফলৰ পৰা বঞ্চিত কৰে। প্রকল্পসমূহৰ সঠিক পৰিকল্পনা আৰু ক্ষীপ্ৰ ৰূপায়ণৰ বাবে তেওঁ পি.এম গতিশক্তি ৰাষ্ট্ৰীয় পৰিকল্পনাৰ কাৰ্যকৰী ব্যৱহাৰৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে।
এই বৈঠকত ‘যক্ষ্মামুক্ত ভাৰত অভিযানৰো পৰ্যালোচনা কৰা হয়। যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজত কৃত্রিম বুদ্ধিমত্তাৰ দৰে আধুনিক প্রযুক্তি ব্যৱহাৰৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে।
ইপিনে, চাইবাৰ অপৰাধ আৰু ডিজিটেল গ্ৰেপ্তাৰৰ ঘটনা বৃদ্ধি পোৱাক লৈ প্ৰধানমন্ত্ৰীয়ে উদ্বেগ প্রকাশ কৰে। নাগৰিকসকলক প্ৰতাৰণাৰ পৰা ৰক্ষা কৰিবলৈ আইন প্রয়োগকাৰী সংস্থা, বেংক আৰু ডিজিটেল মঞ্চসমূহৰ মাজত শক্তিশালী সমন্বয় ৰক্ষাৰ বাবে তেওঁ নির্দেশ দিয়ে।
চাইবাৰ প্ৰৱঞ্চনাৰ গোচৰসমূহ দ্ৰুতভাৱে পঞ্জীয়ন আৰু নিষ্পত্তিৰ বাবে প্ৰতিখন ৰাজ্যকে ‘ই- জিৰো এফ আই আৰ’ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈকো তেওঁ আহ্বান জনায়।