June 25, 2026 2:17 PM

views 3

প্রগতিৰ ৫২সংখ্যক বৈঠকত অধ্যক্ষতা কৰি আন্তঃগাঁথনিমূলক প্রকল্পসমূহৰ কাৰ্যকৰীকৰণৰ পৰ্যালোচনা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্রগতিৰ ৫২ সংখ্যক বৈঠকত অধ্যক্ষতা কৰি আন্তঃগাঁথনিমূলক প্রকল্পসমূহৰ কাৰ্যকৰীকৰণৰ পৰ্যালোচনা কৰে। প্ৰশাসনৰ সক্ৰিয়তা আৰু নিৰ্ধাৰিত সময়ত ৰূপায়ণৰ বাবে প্ৰযুক্তি-সক্ষম এই মঞ্চখনত প্ৰধানমন্ত্ৰীয়ে চাৰিখন ৰাজ্যত প্ৰায় ৩০ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে নিৰ্মাণ হ'বলগীয়া পথ, বিদ্যুৎ, উদ্যোগিক ক'ৰিডৰ আৰু মেট্ৰ' ৰেল খণ্ডৰ চাৰিটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতি পর্যালোচনা কৰে৷ বৈঠকত শ্রীমোদীয়ে উল্লেখ কৰে যে আন্তঃগাঁথনি প্রকল্পত হোৱা বিলম্বই ব্যয় বৃদ্ধি কৰাৰ উপৰি নাগৰিক আৰ...