বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে কৈছে যে, চৰকাৰে উপভোক্তাসকলক সুলভ মূল্যত পিঁয়াজ উপলভ্য কৰোৱাৰ বাবে পাইকাৰী বিক্ৰীৰ ৰণনীতি গ্ৰহণ কৰিছে। মন্ত্ৰ্যালয়ে কৈছে যে, চৰকাৰে বৰ্ধিত চাহিদা জড়িত পৰিস্থিতি আৰু মূল্য ধাৰাৰ ভিত্তিত পিঁয়াজৰ নিৰ্দিষ্ট আৰু স্থিৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে লগ লাগি কাম কৰি আছে ৷ দেশৰ প্ৰতিটো পৰিয়াললৈ বহনসাধ্য মূল্যৰ পিঁয়াজৰ যোগান সুনিশ্চিত কৰাটো চৰকাৰৰ উদ্দেশ্য বুলি মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে কৈছে যে, চৰকাৰ পিঁয়াজৰ মূল্যৰ ওপৰত নজৰ ৰাখিবলৈ বদ্ধপৰিকৰ। মন্ত্ৰ্যালয়ে কৈছে যে, কেন্দ্ৰীয় চৰকাৰে ৰেহাই মূল্যত পিঁয়াজৰ খুচুৰা বিক্ৰীৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বাবে সামগ্ৰী বিধৰ মূল্য হ্ৰাস পাইছে। পাঁচ ছেপ্তেম্বৰৰ পৰা ভ্ৰাম্যমাণৰ বাহনৰ জৰিয়তে প্রতি কিলোত ৩৫ টকাৰ ৰেহাই মূল্যত পিঁয়াজৰ খুচুৰা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। দিল্লী, মুম্বাই আৰু চেন্নাইৰ লেখীয়া গুৰুত্বপূৰ্ণ চহৰসমূহত ইতিমধ্যে পাইকাৰী বিক্ৰীৰ উদ্যম আৰম্ভ হৈছে আৰু অনাগত দিনত এই ব্যৱস্থা হায়দাবাদ, বেংগালুৰু আৰু কলকাতাসহ সকলো ৰাজ্যৰ ৰাজধানী চহৰলৈ সম্প্ৰসাৰিত কৰা হ‘ব।
Assamese | September 14, 2024 8:43 PM | centre decide
সুলভ মূল্যত উপভোক্তাসকলক পিঁয়াজ উপলভ্য কৰোৱাৰ বাবে চৰকাৰৰ পাইকাৰী বিক্ৰীৰ ৰণনীতি গ্ৰহণ