শিক্ষা বিভাগে ৩০ গৰাকীতকৈ কম শিক্ষার্থী থকা বিদ্যালয়সমূহ একত্ৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শেহতীয়াকৈ শিক্ষাৰ্থীৰ নামভৰ্তি হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষা বিভাগে ৩০ গৰাকীতকৈ কম শিক্ষার্থী থকা বিদ্যালয়ক আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰাৰ সিদ্ধান্ত লৈছে। প্রাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে এই সন্দৰ্ভত সকলো জিলা শিক্ষা বিষয়ালৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰি বিদ্যালয় একত্ৰীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশ দিছে। নিৰ্দেশনাত একত্ৰীকৰণৰ পূৰ্বে শিক্ষা সেতু প’ৰ্টেলত অন্তৰ্ভুক্ত কৰা প্ৰতিখন বিদ্যালয়ৰ অৱস্থা পৰীক্ষা কৰা হ’ব বুলি স্পষ্ট কৰি দিয়া হৈছে। বিশেষকৈ নামভৰ্তিৰ হাৰ, বিদ্যালয় আন্তঃগাঁথনি, আন বিদ্যালয়ৰ পৰা সংশ্লিষ্ট বিদ্যালয়খনৰ দূৰত্ব কিমান আৰু বিদ্যালয়ৰ মাজৰ পথত যান-বাহনৰ চলাচলে শিক্ষার্থীক বিদ্যালয়লৈ অহা-যোৱাত অসুবিধাৰ সৃষ্টি কৰিছে নেকি সেই বিষয়সমূহ পৰীক্ষা কৰি চাবলৈ নিৰ্দেশ দিয়া হৈছে। ৩০ গৰাকীতকৈ কম শিক্ষার্থী থাকিলেও বিদ্যালয়খন একত্ৰীকৰণৰ বাবে যোগ্য হয়নে নহয়, এই বিষয়টোও চালি-জাৰি চাবলৈ জিলা শিক্ষা বিষয়াসকলক কোৱা হৈছে। প্রাথমিক শিক্ষা সঞ্চালকে কম শিক্ষার্থী থকা বিদ্যালয়সমূহৰ তালিকা প্ৰস্তুত কৰিবলৈকো সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে ৰাজ্যত বিদ্যালয় একত্ৰীকৰণৰ প্ৰক্ৰিয়াৰে এতিয়ালৈকে দুহেজাৰ ৯০০ খন বিদ্যালয়ক আন বিদ্যালয়ৰ সৈতে সংযোগ কৰা হৈছে।
Assamese | June 12, 2026 11:31 AM | Assam Education Dept
৩০ গৰাকীতকৈ কম শিক্ষার্থী থকা বিদ্যালয়সমূহ একত্ৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ শিক্ষা বিভাগ