কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ (চি বি এছ ই)য়ে ইয়াৰ অধীনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সংশোধিত দিন-বাৰ ঘোষণা কৰিছে। চি বি এছ ইয়ে প্ৰকাশ কৰা মতে দশম শ্ৰেণীৰ পৰীক্ষা ৩ মাৰ্চৰ পৰিৱৰ্তে ১১ মাৰ্চত আৰম্ভ হ’ব। একেদৰে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা নতুন সূচী অনুযায়ী ৩ মাৰ্চৰ পৰিৱৰ্তে ১০ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ’ব। প্ৰশাসনিক কাৰণত পৰীক্ষাৰ সূচী সলনি কৰা হৈছে বুলি চি বি এছ ইয়ে প্ৰকাশ কৰিছে। পৰিষদে লগতে বিদ্যালয়সমূহক সংশ্লিষ্ট শিক্ষাৰ্থী আৰু অভিভাৱকসকলক এই বিষয়ে অৱগত কৰিবলৈ আহ্বান জনাইছে।
Assamese | January 1, 2026 1:33 PM | CBSE announces revised dates of board examinations for classes 10 & 12
কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সংশোধিত দিন-বাৰ ঘোষণা